Karwa Chauth 2023:  উপবাস ভাঙিবলৈ ঘৰতে বনাও এই ৯বিধ মিঠাই

White Lightning
White Lightning

চুজিৰ হালোৱা: চেনী, ঘিউ আৰু চুজিৰে তৈয়াৰ কৰা এই মিঠা কৰৱা চৌথৰ বাবে তৈয়াৰ কৰা আটাইতকৈ সৰল ভাৰতীয় ব্যঞ্জন।

ক্ষীৰ: উপবাসৰ পিছত খাবলৈ অতিকৈ প্ৰিয় আন এটা পৰম্পৰাগত ভাৰতীয় মিঠাই হৈছে ক্ষীৰ। চাউল, গাখীৰ আৰু চেনীৰে ৰন্ধা এক ক্ৰীমি চাউলৰ পুডিং।

নাৰিকল লাড়ু: ই সুস্বাদু হোৱাৰ লগতে দেখাতো অতি সুন্দৰ। সেয়ে কৰৱা চৌথত ই এক নিখুঁত সংযোজন হৈ পৰে।

ৰাবৰি: ৰাবৰি দীঘলীয়া সময়ৰ বাবে কম তাপত গাখীৰ উতলাই তৈয়াৰ কৰা হয়। গাখীৰখিনি ঘন আৰু ইয়াৰ ৰং বা পাতল হালধীয়ালৈ সলনি হোৱালৈ উতলাব লাগে।

জেলেপি: কৰৱা চৌথত অন্য প্ৰিয় মিঠাই হৈছে জেলেপি। ইয়াক খোয়া বা মাৱাৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক দৈ বা ৰাবৰিৰ সৈতে খোৱা হয়।

গোলাপ জাম: উৎসৱৰ অনুষ্ঠানবোৰত এইটো আটাইতকৈ প্ৰিয় মিঠাই, আৰু কৰৱা চৌথতো খোৱা হয়।

গাজৰৰ হালোৱা: দেখাত ধুনীয়া এই মিঠা ব্যঞ্জন কৰৱা চৌথৰ বাবে উপযুক্ত। ই সুস্বাদু হোৱাৰ লগতে গাজৰৰ পৰা তৈয়াৰ কৰা বাবে স্বাস্থ্যৰ বাবেও ভাল। 

চেৱেই: এই মিঠাইৰ ৰেচিপি আটাইতকৈ সৰল। এইটো চেৱেই, গাখীৰ আৰু বিভিন্ন dry fruitsৰে তৈয়াৰ কৰা হয়। 

গুজিয়া: গুজিয়াৰ ভিতৰত নাৰিকল, বাদাম, আৰু গুড় বা চেনীৰ মিশ্ৰণ থাকে। এই অৰ্ধচন্দ্ৰাকাৰ মিঠাইবোৰ আপোনাৰ কৰৱা চৌথ মেনুত ৰাখিব পাৰে।