বিৰাট-শুবমান-শ্ৰেয়াছ

শতক অবিহনে এটা ইনিংছত সৰ্বাধিক স্ক’ৰৰ অভিলেখ ভাৰতৰ

ICC এদিনীয়া বিশ্বকাপত একেৰাহে ৭খন মেচত জয় লাভেৰে ভাৰত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হৈছে।

শ্ৰীলংকাৰ বিৰুদ্ধে খেলখনত ভাৰতে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰে।

অৱশ্যে, প্ৰথমে বেটিং কৰা টিম ইণ্ডিয়াই কোনো শতক অবিহনে ৩৫৭ ৰান সংগ্ৰহ কৰে। 

দলটোৰ ৩ জন বেটছমেনে শতকৰ ওচৰ চাপিছিল যদিও শতক অৰ্জন কৰিব নোৱাৰিলে।

বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে ব্যাপক ৰাণ অৰ্জনেৰে টিম ইণ্ডিয়াই জয় লাভ কৰে। ভাৰতৰ হৈ বিৰাট কোহলীৰ সৈতে শুবমান গিলে সুন্দৰ বেটিং কৰে। 

টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৮৮ ৰান, শুবমান গিলে ৯২ ৰান আৰু শ্ৰেয়াছ আয়াৰে ৮২ ৰান সংগ্ৰহ কৰে।

কিন্তু এই তিনিওজনে শতক অৰ্জন কৰিব নোৱাৰিলেও দলটোৱে মুঠ ৩৫৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

ভাৰতীয় দলটোৱে শতক অবিহনে এটা ইনিংছত বিশ্বকাপৰ সৰ্বাধিক স্ক’ৰৰ অভিলেখ ভংগ কৰিলে। 

২০১৯ চনত ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানে ৮ উইকেটত ৩৪৮ ৰান সংগ্ৰহ কৰিছিল। ২০১৫ চনত ইউ এ ইৰ বিৰুদ্ধে শ্ৰীলংকাই ৩৪১ ৰান সংগ্ৰহ কৰিছিল। 

বৰ্তমান ভাৰতে ৭টা জয়ৰে ১৪ পইণ্টেৰে পইণ্ট তালিকাত আগবাঢ়ি আছে। ৫ নৱেম্বৰত ভাৰতে পৰৱৰ্তী মেচ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।