ব্লাড ছুগাৰ, কলেষ্টেৰল, হাৰ্টৰ সমস্যা? সেউজীয়া মগু খাওক

গোটা মগু বা সেউজীয়া মগু আমি বিভিন্ন প্ৰকাৰে খাওঁ। তৰকাৰ লগতে কেঁচায়ো খাব পাৰি মগু। 

সোৱাদৰ লগতে মগুৰ আছে প্ৰচূৰ গুণ। শীতৰ ডায়েটত ৰাখক এই সামগ্ৰী। জানক পুষ্টিবিদ ৰুতুজা দ্বিবেকৰে কি কয় মগুৰ গুণাগুণক লৈ।

প্ৰটিনৰ ভাণ্ডাৰ হিচাপে সেউজীয়া মগু খুব ভাল। দৰকাৰী এমাইনো এচিড পোৱা যায়।

শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমায়। ফলত সুস্থ হৈ থাকে হৃদযন্ত্ৰণ। ক্ৰনিক ইনফ্লেমেচন, হাৰ্টৰ সমস্যা আৰু আন জটিলতাৰ আশংকা কমে।

ফাইবাৰ বেছি থকাৰ ফলত হজম প্ৰক্ৰিয়া মসৃন কৰি ৰাখে। পেটত উপকাৰী বেক্টেৰিয়া বৃদ্ধিৰ পৰিৱেশ সৃষ্টি কৰে।

মগু দাইলত গ্লাইছেমিক ইনডেক্স কম। তেজত শৰ্কৰাৰ পৰিমাণ নাবাঢ়ে। 

প্ৰটিন আৰু ফাইবাৰ বেছি থাকে সেউজীয়া মগুত। ফলত ওজন কমোৱাত অত্যন্ত কাৰ্যকৰ। 

সেউজীয়া মগু দাইলত আছে পটাচিয়াম আৰু মেগনেছিয়াম। এই দুই উপাদান ব্লাড প্ৰেছাৰত কমোৱাত সহায়ক।

ভিটামিন বি, ফলেট, মেংগানিজ, ফছফৰাছ, আইৰন, কপাৰ, জিংক থকাৰ ফলত সংক্ৰামক ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে।