শীতকালত অতিৰিক্ত পানী খালে হ'ব পাৰে ক্ষতি।

হাৰ্ট আৰু পেট সংক্ৰান্তীয় ৰোগ থাকিলে শীতত অতিৰিক্ত পানী খোৱা অনুচিত।

PGI-ৰ কাৰ্ডিঅ'লজী বিভাগৰ মুৰব্বী ডাঃ যশপাল শৰ্মাই এইসন্দৰ্ভত ক'লে এনেদৰে

যিসকলৰ হাৰ্ট এটেক হৈছে, তেওঁলোকে অতিৰিক্ত পানী খোৱা উচিত নহয়।

ইয়াৰ ফলত হাৰ্টৰ পেশীসমূহ দুৰ্বল হৈ যায়। হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

শীতকালত কোনো কোনোৱে ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে খালী পেটত ৩-৪ গ্লাছ পানী খায়।

হৃদৰোগীসকলে এনেকুৱা কৰিলে ক্ষতি হ'ব পাৰে। লগতে তেজত শৰ্কৰাৰ মাত্ৰাও কমি যাব পাৰে।

খুব বেছি তৰল খাদ্য গ্ৰহণ কৰিলে হাৰ্টে পাম্প কৰিবৰ বাবে আৰু বেছি পৰিশ্ৰম কৰিব লগা হয়।

বিশেষকৈ হাৰ্টৰ ৰোগীসকলে খালী পেটত অতিৰিক্ত পানী সেৱন নকৰিব। ঠাণ্ডা পানীত হাৰ্টৰ ৰোগীৰ সিৰাবোৰ টান হৈ যায়।

ৰক্ত সঞ্চালন কৰিবলৈ হাৰ্টে বেছি পৰিশ্ৰম কৰিব লগা হয়। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

খালী পেটত পানী খালে কুহুমীয়া গৰম পানীহে সেৱন কৰক।