ক'লা জিৰা হৈছে স্বাস্থ্যৰ এক সম্পদ, ইয়াৰ উপকাৰিতা আৰু ব্যৱহাৰ জানক

বহু শতিকাৰ পৰা ক'লা জিৰাৰ ব্যৱহাৰ ৰোগৰ নিৰাময়ৰ বাবে হৈ আহিছে।

এই কাৰণে ক’লা জিৰাক সকলো ৰোগৰে ঔষধ বুলি কোৱা হয়।

ক’লা জিৰা হৈছে বনৌষধি গুণেৰে পৰিপুষ্ট এবিধ মছলা।

ক’লা জিৰা সমূহ অতীজৰে পৰা আয়ুৰ্বেদিক ঔষধ বনাবলৈ আৰু মছলাৰূপে ব্যৱহাৰ হৈ আহিছে।

ক'লা জিৰাৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী হয়।  

ক'লা জিৰাৰ নিয়মীয়া ব্যৱহাৰে শৰীৰৰ প্ৰতিটো অংশ সতেজ কৰি ৰখাত সহায় কৰে।  

পুৱা মৌৰ সৈতে ক'লা জিৰা গ্ৰহণ কৰি ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিব পাৰি।

সৌন্দৰ্যবৰ্দ্ধন, দুৰ্বলতা -ষ্ক্ৰিয়তা, স্মৰণ শক্তি বঢ়োৱাৰ ক্ষেত্ৰতো ক’লা জিৰা বিশেষভাৱে উপকাৰী। 

ক’লা জিৰাই চুলি সৰা, দাঁতৰ ৰোগ, মূৰ বিষৰ সমস্যা দূৰ কৰে।

লগতে পেটৰ সমস্যা, চৰ্দি আৰু কাহৰ পৰা সকাহ দিয়ে। 

ই শিশুৰ শাৰীৰিক, মানসিক বিকাশত উপকাৰী।

অৱশ্যে, গৰ্ভৱতী মহিলা, দুই বছৰতকৈ সৰু ল’ৰা-ছোৱালীক ক’লা জিৰা খাব দিব নালাগে।

ৰোগ সমূহৰ নিৰাময় ওপৰত ভিত্তি কৰিহে সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে ক’লা জিৰাৰ উপকাৰিতা অৰ্জন কৰিব পৰা যাব।

বিভিন্ন ৰোগৰ বাবে উপকাৰী হ’লেও ইয়াক চিকিৎসকৰ পৰামৰ্শ লৈ সেৱন কৰিব লাগে।