অসমীয়া ১০ বিধ সুস্বাদু  খাদ্য

অসমীয়া খাদ্য তালিকাৰ অন্যতম দৈ-চিৰা বাটিৰ জলপানেৰে দিনটো আৰম্ভ হয়। দৈ-চিৰা বেছিকৈ বিহুৰ সময়ত খোৱা হয় যদিও আন সময়তো খোৱা হয়।

নিৰামিষভোজীৰ বাবে আচহুৱা যেন লাগিলেও বাঁহগাজৰ সৈতে কুকুৰাৰ মাংস অসমীয়াৰ আখলত অন্যতম প্ৰধান খাদ্য।

ঔ টেঙাৰ মিঠা আৰু টেঙা চাটনি। ঔ টেঙা সিজাই এই চাটনি প্ৰস্তুত কৰা হয়।

আমিষভোজীসকলৰ বাবে পানী শামুক এক সুস্বাদু খাদ্য। ভিন ভিন উপকৰণৰ সৈতে ৰন্ধা এই পানী শামুকৰ মাংসখিনি খোলাৰ পৰা চুহি খোৱা হয়।

হাঁহৰ মাংস অসমীয়াৰ অন্যতম প্ৰিয় মাংস। ভোগালীৰ উৰুকা যেন হাঁহৰ মাংস অবিহনে সম্পূৰ্ণ নহয়। কোমোৰাৰ সৈতে হাঁহৰ মাংস যথেষ্ট জনপ্ৰিয়।

লেটা পলুৰ ভাজি অসমীয়াৰ অন্যতম প্ৰিয় খাদ্য। ভাজিলে লেটা বাহিৰৰ পৰা টান ৰঙচুৱা হয় যদিও ই ভিতৰৰ পৰা কোমল হৈ পৰে। 

পাৰ মাংস অসমীয়াৰ অন্যতম প্ৰিয় খাদ্য। কলডিলৰ সৈতে পাৰ মাংস জনপ্ৰিয়। শীতৰ সময়ত পাৰ মাংসৰ জালুকীয়াও বহুজনৰ প্ৰিয়।

অসমীয়াৰ নিৰামিষ ভাতসাজ যেন আলু পিটিকা অবিহনে সম্পূৰ্ণ নহয়। আলু সিজাই বা পুৰি নিমখ-তেল, পিঁয়াজ-ধনীয়া দি খোৱা আলু পিটিকাৰ সোৱাদেই সুকীয়া।

নেমু, বিলাহী, ঔ টেঙা, থেকেৰা, কেঁচা আম আদিৰে মাছৰ সুস্বাদু টেঙা ব্যঞ্জন প্ৰস্তুত কৰা হয়। গ্ৰীষ্মকালত মাছৰ টেঙা শৰীৰৰ বাবেও উপকাৰী।

খাৰ অসমীয়াৰ অন্যতম প্ৰিয়। বিভিন্ন শাক-পাচলিৰ লগতে মাছ-মাংসৰ লগতো খাৰৰ ব্যঞ্জন প্ৰস্তুত কৰা হয়।