টোপনিৰ পৰা উঠিয়ে গৰম চায় খায় নেকি?

টোপনিৰ পৰা উঠি চাহৰ পিয়লাত চুমুক দিয়াটো আমাৰ অভ্যাস। পুৱা উঠি চাহকাপ লোৱাৰ আমেজেই সুকীয়া।

খালী পেটত চাহ বা কফি পান কৰা উচিত নহয়। ফলত পাকস্থলীৰ পৰা এচিড নিঃসৰন বাঢ়ি যাব পাৰে।

পুৱা সঠিক সময়ত চাহ পান কৰা প্ৰয়োজন। তেনে কৰিলে স্বাস্থ্যৰ ক্ষতি নহয়।

টোপনিৰ পৰা উঠাৰ ১ বা ২ ঘণ্টা পিছত চাহ পান কৰিলে শৰীৰৰ ক্ষতি নকৰে।

যিসকলে চাহ খাবলৈ খুব ভাল পায়, তেওঁলোকে বাচি ল’ব পাৰে আন এটা পথ। 

পুৱা পানী খোৱাৰ পিছত চাহ খাব পাৰে। তাৰ ফলত স্বাস্থ্যৰ অপকাৰ হোৱাৰ সম্ভাৱনা নাই। 

খোৱাৰ এঘণ্টা পিছত চাহ পান কৰাটো এক ভাল উপায় হ’ব পাৰে।

এজন সুস্থ মানুহ এজনে দিনে ২ কাপ চাহ পান কৰিব পাৰে। গ্ৰীন টী বা হোৱাইট টী পান কৰা বেছি ভাল। 

সীমিত পৰিমাণৰ চেনি ব্যৱহাৰ কৰিব লাগে। অতিৰিক্ত গৰম চাহ পান কৰা উচিত নহয়।