চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ! পুনৰ বৃদ্ধি পালে DA!

জানুৱাৰীত DA বৃদ্ধি হৈছিল। কিন্তু জুলাইৰ DA এতিয়াও বৃদ্ধি হোৱা নাই।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এতিয়াও জুলাইৰ DA বৃদ্ধিৰ অপেক্ষা কৰি আছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছেপ্টেম্বৰ মাহতে এই সন্দৰ্ভত কোনো ডাঙৰ ঘোষণা আহিব পাৰে।

খবৰ অনুসৰি DA ৩ ৰ পৰা ৫ শতাংশ বাঢ়িব পাৰে।

শেষবাৰ ২০২৩ চনৰ মাৰ্চ মাহত DA ৪ শতাংশ বৃদ্ধি কৰি ৪২ শতাংশ কৰা হৈছিল।

বৰ্তমান মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি ৩ ৰ পৰা ৫ শতাংশ বৃদ্ধি হ'ব পাৰে বুলি বিশ্বাস কৰা হৈছে।

সেই হিচাপত DA ৪৫ শতাংশ বা তাতকৈ বেছি হ'ব পাৰে।

বিত্তমন্ত্ৰীৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে দেশৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰে।