শচীনৰ অভিলেখ ভংগ কৰিলে বিৰাট কোহলীয়ে

পাকিস্তানৰ বিৰুদ্ধে পুনৰ বিধ্বংসী ৰূপত দেখা গ’ল কোহলীক। এছিয়া কাপৰ ছুপাৰ ফ’ৰৰ মেচত বিস্ফোৰক বেটিঙেৰে ইতিহাস ৰচিলে বিৰাটে।

আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেটত আটাইতকৈ কম ইনিংছত ১৩ হাজাৰ ৰান কৰাৰ মাইলষ্টোন গঢ়িলে কোহলীয়ে।

ভাঙিলে তেণ্ডুলকাৰৰ অভিলেখ। ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰে ৩২১টা ইনিংছত ১৩ হাজাৰ ৰান কৰিছিল। কোহলীয়ে সেয়া কৰিলে মাত্ৰ ২৬৭ ইনিংছত।

এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত ৮ হাজাৰৰ পৰা ১৩ হাজাৰ ৰান পৰ্যন্ত প্ৰতিটো ৰেকৰ্ডেই বিৰাট কোহলীয়ে আটাইতকৈ কম মেচ খেলি নিজৰ নামত কৰিছে।

পাকিস্তানৰ বিৰুদ্ধে ৯৮ ৰান কৰাৰ লগে লগে ১৩ হাজাৰ ৰানৰ মাইলষ্টোন স্পৰ্শ কৰিলে কোহলীয়ে।

লগতে পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপৰ ছুপাৰ ফ’ৰৰ মেচত নিজৰ অ’ডিআই কেৰিয়াৰৰ ৪৭সংখ্যক শতৰান কৰে বিৰাট কোহলীয়ে। 

এদিনীয়াত শতৰানৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰতকৈ মাত্ৰ দুটা শতৰান কম কোহলীৰ। শীৰ্ষত উঠিবলৈ প্ৰয়োজন তিনিটা শতৰান।

পাকিস্তানৰ বিৰুদ্ধে ৯৪ বলত ১২২ ৰানৰ বিধ্বংসী ইনিংছ খেলি অপৰাজিত হৈ থাকে বিৰাট কোহলীয়ে।

৯টা চাৰি আৰু ৩টা ছয়েৰে কোহলীয়ে সজায় নিজৰ ইনিংছ।