বিনামূলীয়া LPG সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা

কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ।

উজ্জ্বলা আঁচনিৰ অধীনত পৰৱৰ্তী তিনি বছৰৰ বাবে নতুন LPG সংযোগ দিয়া হ’ব।

ইয়াৰ অধীনত প্ৰথম ৰিফিল বিনামূলীয়া হ’ব, যাৰ ব্যয় তেল কোম্পানীয়ে বহন কৰে।

কেবিনেট বৈঠকত ৭৫ লাখ নতুন LPG সংযোগ প্ৰদানত অনুমোদন ।

লগতে ১,৬৫০ কোটি টকাৰ ৰাজসাহায্য প্ৰদানত অনুমোদন চৰকাৰৰ।

ইয়াৰ পূৰ্বে, ৰাখীবন্ধনত চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰা হৈছিল।

উজ্জ্বলা আঁচনিত ৪০০ টকা সুলভ মূল্যত এটা চিলিণ্ডাৰ লাভ কৰিব পাৰি।

মহিলাৰ বাবে বিনামূলীয়া গেছ চিলিণ্ডাৰ দিয়াৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ।

২০১৬ চনত উজ্জ্বলা আঁচনিৰ আৰম্ভণি হৈছিল।

এই আঁচনিৰ অধীনত একাউণ্টত পোনপটীয়াকৈ ধন স্থানান্তৰ হয়।