বিশ্বকাপৰ পূৰ্বে ডাঙৰ চিন্তা দূৰ হ’ল টীম ইণ্ডিয়াৰ!

ঋষভ পন্ত দুৰ্ঘটনাত পতিত হোৱাত চিন্তাত আছিল টীম ইণ্ডিয়া।

তেওঁৰ স্থান বিশ্বকাপত কাক স্থান দিয়া হ’ব তাক লৈ চলিছিল চিন্তা–চৰ্চা।

কেতিয়াবা উচ্চাৰিত হৈছিল কে এল ৰাহুলৰ নাম, কেতিয়াবা ঈশান কিষাণৰ।

কিন্তু শেষত সমস্যা বহু পৰিমাণে দূৰ হ’ল বুলি ধাৰণা কৰা হৈছে।

এছিয়া কাপৰ প্ৰথম মেচত প্ৰবল চাপৰ মাজত ৮২ ৰানৰ ইনিংছ খেলে ঈশানে।

চাপৰ মুহূৰ্তত দায়িত্ব লৈ যি ইনিংছ খেলিলে ঈশানে তাক লৈ প্ৰশংসিত ক্ৰিকেটাৰজন।

ইয়াৰ পূৰ্বেও ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন এদিনীয়াত হাফ চেঞ্চুৰী কৰিছে ঈশানে।

দায়িত্ব লৈ বেটিং কৰাৰ লগতে বৃহৎ শ্বট খেলাত পাৰ্গত ঈশান।

ফলত আগন্তুক বিশ্বকাপত কীপাৰ–বেটছমেন হিচাপে খেলাৰ সম্ভাৱনা ঈশানৰ।