গণেশ চতুৰ্থী বিশালভাৱে উদযাপন কৰা বলীউডৰ ৫খন চলচ্চিত্ৰ

অগ্নিপথ চলচ্চিত্ৰখনত ঋত্বিক ৰোশন আৰু প্ৰিয়ংকা চোপ্ৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

এই চলচ্চিত্ৰখনত 'দেৱা শ্ৰী গণেশা' গানটোৰ জৰিয়তে গণেশ চতুৰ্থী উৎসৱ পালনৰ এক দৃশ্য দেখুওৱা হৈছে।

এই গান গণেশ বন্দনাৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ নৃত্যশিল্পীসকলে  ব্যৱহাৰ কৰে। 

বলীউডৰ আন এখন চলচ্চিত্ৰ Donত শ্বাহৰুখ খান মুখ্য চৰিত্ৰত অভিনয় কৰিছে। 

এই ছবিখনত গণেশ চতুৰ্থী উদযাপনৰ এটা নৃত্য-গীত আছে, যি ভগৱান গণেশৰ ভক্ত আৰু অনুগামীসকলে যথেষ্ট ভাল পায়। 

Shor in the City চিনেমাখনতো গণেশ চতুৰ্থী উৎসৱটো দেখুওৱা হৈছে। 

ছবিখনৰ প্লট এই উৎসৱৰ সময়তে ঘূৰি থকা দেখুওৱা হৈছে আৰু উৎসৱৰ সমাপ্তিৰ সৈতে চিনেমাখন সমাপ্ত হয়।

Atithi Tum Kab Jaoge চলচ্চিত্ৰখন গণেশৰ মূৰ্তি বিসৰ্জনেৰে সমাপ্ত হৈছে।

ইয়াত যেনে ঘৰত প্ৰাৰ্থনাকে আদি  কৰি উৎসৱৰ সৰু সৰু বহুতো উপাদান দেখুওৱাবলৈ যত্ন কৰা হৈছে। 

ABCD হৈছে ভাৰতৰ প্ৰথম নৃত্য চলচ্চিত্ৰ। ইয়াত গণেশ চতুৰ্থীৰ ওপৰত আধাৰিত এটা ৰোমাঞ্চকৰ নৃত্য-গীত আছে।

ছবিখনত নৃত্যশিল্পীসকলে এক শক্তিশালী নৃত্য প্ৰদৰ্শনেৰে ভক্তসকলৰ মনত ভক্তিৰ ভাৱ কঢ়িয়াই আনিবলৈ চেষ্টা কৰিছে।