মুদ্ৰাৰে সজ্জিত এটা গণেশ মন্দিৰ, প্ৰায় ২ কোটি মূল্যৰো অধিক মুদ্ৰা নোট ব্যৱহাৰ

কৰ্ণাটকৰ বেংগালুৰুৰ জে পি নগৰৰ শ্ৰী সত্য গণেশ মন্দিৰটো প্ৰতি বছৰে ইয়াৰ গণেশ চতুৰ্থী উৎসৱৰ পেণ্ডেলবোৰক এক অনন্য স্পৰ্শ দিয়াৰ বাবে জনাজাত।

গণেশ চতুৰ্থী উৎসৱ উপলক্ষে এই মন্দিৰ সজোৱাৰ বাবে ২ কোটি টকাৰো অধিক মূল্যৰ মুদ্ৰা নোট আৰু প্ৰায় ৫০ লাখ টকাৰ মুদ্ৰা ব্যৱহাৰ কৰা হৈছে। 

এইবাৰ ১০,২০,৫০, ১০০, ২০০ আৰু ৫০০ মূল্যৰ শ শ মুদ্ৰা আৰু নোট ব্যৱহাৰ কৰি মন্দিৰটো সজোৱা হৈছে।

ইয়াত ২২টা চিচি কেমেৰা, বন্দুকধাৰী সুৰক্ষাকৰ্মী আৰু কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। 

প্ৰায় ১৫০জন ভ'লণ্টিয়াৰ আৰু কৰ্মচাৰীয়ে মন্দিৰটো সজ্জোৱাৰ কামত জড়িত আছিল।

যোৱা বছৰবোৰত গণেশ চতুৰ্থীৰ সময়ত গণেশৰ মূৰ্তি সজাবলৈ ইয়াত ফুল, মাকৈ আৰু কেঁচা কলৰ দৰে পৰিৱেশ-অনুকূল সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল।

গণেশ চতুৰ্থী উৎসৱ হিন্দু বৰ্ষপঞ্জিৰ ভদ্ৰপদ মাহত পৰে আৰু ভগৱান গণেশৰ জন্মদিন উদযাপন কৰে। 

এই উৎসৱক বিনায়ক চতুৰ্থী বা গণেশোৎসৱ বুলিও জনা যায়।

এই উৎসৱত ঘৰ আৰু ৰাজহুৱা স্থানত গণেশৰ মূৰ্তি স্থাপন কৰা হয়। অনন্ত চতুৰ্দশীৰ দিনা মূৰ্তিটো বিসৰ্জন দিয়া হয়।

এই বছৰ গণেশ চতুৰ্থী উৎসৱ ১৯ ছেপ্টেম্বৰত আৰম্ভ হ’ব।