বিবাহৰ বাবে উদয়পুৰলৈ ৰাওনা পৰিণীতি চোপ্ৰা-ৰাঘৱ চাদ্দা, চাওক ফটো

এই সপ্তাহান্তত আপ নেতা ৰাঘৱ চাদ্দা আৰু অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ বহু প্ৰত্যাশিত বিবাহ অনুষ্ঠিত হ’ব।

বিবাহৰ বাবে দম্পতীহালে আজি পুৱা উদয়পুৰলৈ ৰাওনা হয়।

পৰিণীতি চোপ্ৰাক ৰঙা পোছাকত দেখা পোৱা যায়।

ৰাঘৱ চাদ্দাক এটা ক’লা ৰঙৰ টিচাৰ্ট আৰু নীলা ডেনিম লুকত দেখা গৈছিল।

উদয়পুৰৰ লীলা পেলেচত দম্পতীহালে বিবাহ পাশত আৱদ্ধ হ’ব।

দৰাঘৰীয়া লোকসকল তাজ হোটেলত থাকিব, আনহাতে কইনাঘৰীয়া লীলা পেলেছত থাকিব।

বিবাহৰ অনুষ্ঠানবোৰ ২৩-২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।

দম্পতীহালে দিল্লীত বিবাহৰ পূৰ্বৰ অনুষ্ঠান হিচাপে বৃহস্পতিবাৰে এটা চুফী নিশাৰ আয়োজন কৰিছিল।

বিয়াৰ দিনা পৰিণীতিয়ে এটা পেষ্টল ৰঙৰ মনীষ মালহোত্ৰা লেহেংগা পিন্ধিব বুলি জানিব পৰা গৈছে।

সকলোৱে এই বহু প্ৰত্যাশিত বিবাহৰ অনুষ্ঠানসমূহ  চাবলৈ আগ্ৰহেৰে  অপেক্ষা কৰি আছে।