আজি মুক্তি লাভ কৰিলে ৰীমা দাসৰ ছবি ‘তৰা’জ হাজবেণ্ড’।

৩৭টা ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ ছবিখনে। 

অসমৰ লগতে দিল্লী, মুম্বাই, বাংগালুৰু, অষ্ট্ৰেলিয়াতো মুক্তি লাভ কৰিলে তৰা’জ হাজবেণ্ডে।

বৃহস্পতিবাৰে গুৱাহাটীৰ অনুৰাধা ছবিগৃহত অনুষ্ঠিত হ’ল ছবিখনৰ প্ৰীমিয়াৰ শ্ব’।

এতিয়ালৈকে ‘তৰা’জ হাজবেণ্ড’ ২৫খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।

‘ভিলেজ ৰকষ্টা’ তথা ‘বুলবুল কেন ছিং’ৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ হৃদয়ত সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে ৰীমা দাস।

নিজৰ নতুন ছবি ‘তৰা’জ হাজবেণ্ড’ক লৈ ৰীমা দাস আশাবাদী। 

ইতিমধ্যে, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুল সমাদৰ লাভ কৰিছে তৰা’জ হাজবেণ্ডে। 

ক’ভিডৰ বিভীষিকা পৰিস্থিতিক লৈ নিৰ্মিত  এই ছবিখন এহাল  স্বামী-স্ত্ৰী সংসাৰ কাহিনী  দেখুওৱা হৈছে। 

ক’ভিডৰ সময়ছোৱাত ব্যৱসায়িক দিশত পতন হৈ সৃষ্টি হোৱা এক ভয়াৱহ পৰিস্থিতিক লৈ নিৰ্মাণ কৰা হৈছে তৰা’জ হাজবেণ্ড। 

১৩৫ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন ট’ৰেণ্টো আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱতো  প্ৰদৰ্শিত হৈছিল। 

ছয়গাঁৱৰ গ্ৰাম্য ভাষাতে ‘তৰা’জ হাজবেণ্ড’ চলচ্চিত্ৰখন নিৰ্মাণ  কৰা হৈছে।

এই ছবিখনৰ পৰিচালনাৰ লগতে কাহিনী, চিত্ৰনাট্য, চিত্ৰগ্ৰহণ, প্ৰডাকচন ডিজাইন তথা সম্পাদনা ৰীমা দাসে নিজে কৰিছে।

অভিজিৎ দাস, তৰালি কলিতা দাস, ভূমান ভার্গব দাস, পূর্বাঞ্চলী দাস, সীমন্ত মালাকাৰ, নীলিমা দাস আদিয়ে ছবিখনত অভিনয় কৰিছে।