অসমৰ ৯বিধ পৰম্পৰাগত খাদ্য

তিল পিঠা:  ক'লা তিল আৰু বৰা চাউলৰ এই পিঠা বিহুৰ সময়ত বেছিকৈ খোৱা হয়।

টেকেলী পিঠা: চাউলৰ গুড়ি, নাৰিকল বা তিল আৰু গুৰৰ ভজা মিশ্ৰণেৰে এইবিধ পিঠা সাজিব পাৰি।

ঘিলা পিঠা: চাউলেৰে প্ৰস্তুত কৰা এই পিঠা এটা জনপ্ৰিয় অসমীয়া জলপান। এইটো তেলত ভাজি তৈয়াৰ কৰা হয়।

চুঙা পিঠা: বাঁহৰ টুকুৰাবোৰৰ ভিতৰত বনোৱা চাউলৰ পিঠা, যি বিহুৰ আগদিনা ৰাতি প্ৰস্তুত কৰা হয়।

তিলৰ লাড়ু: ক’লা বা বগা তিল আৰু গুৰেৰে প্ৰস্তুত কৰা এবিধ লাড়ু, যি উৎসৱৰ সময়ত প্ৰস্তুত কৰা হয়।

নাৰিকল পিঠা: এই পিঠা বনাবলৈ চাউলৰ গুড়ি আটাৰ দৰে মঠি লৈ সৰু ৰুটি আকৃতি দি তাত নাৰিকল আৰু চেনিৰ মিশ্ৰণ ভৰাই তেলত ভাজি প্ৰস্তুত কৰা হয়।

নাৰিকলৰ লাড়ু: নাৰিকলৰ গুড়ি আৰু চেনী বা গুৰেৰে বনোৱা এবিধ লাড়ু।

কোমল চাউল: কোমল চাউল অসমত উৎপাদিত এবিধ চাউল। ইয়াক দৈ বা এঁৱা গাখীৰৰ সৈতে খাব পাৰি । 

দৈ চিৰা: বিহু বা অন্য উৎসৱৰ সময়ত বিশেষকৈ এইবিধ জলপান খোৱা হয়। বৰা চাউলৰ চিৰা বা আন প্ৰকাৰৰ চিৰা, দৈ আৰু গুৰ মিহলাই দৈ চিৰা প্ৰস্তুত কৰা হয়।