অসমৰ ৯টা ঐতিহাসিক স্থান, ক’ত ক’ত অৱস্থিত জানো আহক

শিৱসাগৰত অৱস্থিত তলাতল ঘৰ স্বৰ্গদেও ৰুদ্ৰ সিংহই প্ৰথমে সেনা ঘাটি হিচাপে নিৰ্মাণ কৰিছিল। ই আহোমৰ স্মাৰকসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ স্মাৰক। 

ঊষা-অনিৰুদ্ধৰ প্ৰেমনগৰী তেজপুত অৱস্থিত অগ্নিগড় পাহাৰ। হিন্দু পৌৰাণিক কাহিনীত, ইয়াত বানাসুৰে জীয়েক ঊষাক বন্দী কৰি ৰাখিবলৈ নিৰ্মাণ কৰিছিল।

চৰাইদেউত অৱস্থিত মৈদাম হৈছে আহোম ৰজা, ৰাণী আৰু বিষয়াসকলৰ সমাধিস্তূপ। মৈদাম দিয়া মানে সমাধিস্থ কৰা।

গড়গাঁও প্ৰাসাদ বুলি খ্যাত কাৰেং ঘৰ হৈছে আহোম স্থাপত্যৰ অন্যতম বৃহৎ উদাহৰণ। এইটো আহোম ৰাজধানী গড়গাঁৱৰ কেন্দ্ৰীয় প্ৰশাসনিক ভৱন আছিল। 

সূৰ্যপাহাৰ গোৱালপাৰাত অৱস্থিত এক অনন্য পুৰাতাত্ত্বিক স্থান। ইয়াত বিভিন্ন আকাৰৰ শ শ প্ৰাচীন খোদিত শিৱ লিংগ, জৈন ধৰ্মৰে জড়িত বৌদ্ধ স্তূপ আৰু ভাস্কৰ্যৰ এটা শৃংখলা আছে।

অসমৰ অন্যতম শ্ৰেষ্ঠ ঐতিহাসিক স্থান ‘ৰং ঘৰ’ হৈছে এছিয়াৰ প্ৰথম পেভিলিয়ন। আহোম স্বৰ্গদেও প্ৰমত্ত সিংহই শিৱসাগৰত ৰংঘৰ নিৰ্মাণ কৰিছিল।

খাচপুৰ অসমৰ এক বিখ্যাত ঐতিহাসিক স্থান, যি মধ্যযুগত কছাৰী ৰজাসকলৰ ৰাজধানী আছিল। খাচপুৰ ইয়াৰ কচাৰী দুৰ্গৰ বাবে বিখ্যাত।

হাজোৰ ‘পোৱা মক্কা’ৰ লগত বহুতো কিংবদন্তী জড়িত আছে। মক্কাৰ পৰা অনা ১ পোৱা মাটিৰ ইয়াত স্থাপন কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। 

কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। ই ৫১টা শক্তিপীঠৰ এটা।