আজি ভাৰতীয় দলৰ ৫ গৰাকী ক্ৰিকেটাৰৰ জন্মদিন

টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰসকলৰ বাবে ৬ ডিচেম্বৰৰ দিনটো অতি বিশেষ।

আজি এজন বা দুজন নহয়, ৫ জন ক্ৰিকেটাৰৰ জন্মদিন। ইয়াৰে তিনিগৰাকীৰ অবিহনে টীম ইণ্ডিয়া যেন অসম্পূৰ্ণ।

ভাৰতীয় বলিংৰ মেৰুদণ্ড হিচাপে বিবেচিত যশপ্ৰীত বুমৰাহে আজি তেওঁৰ ২৯তম জন্মদিন উদযাপন কৰিছে।

ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰে আজি তেওঁৰ ২৯তম জন্মদিন উদযাপন কৰিছে।

টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ বেটছমেন ৰবীন্দ্ৰ জাদেজাই আজি তেওঁৰ ৩৫তম জন্মদিন উদযাপন কৰিছে।

কৰুণ নায়াৰে ৩২তম জন্মদিন পালন কৰিছে। তেওঁ কৰ্ণাটকৰ ঘৰুৱা ক্ৰিকেট আৰু IPLত খেলিছে। 

প্ৰাক্তন বেগী বলাৰ আৰ পি সিঙৰ আজি ৩৮তম জন্মদিন। তেওঁ টেষ্ট মেচ, এদিনীয়া আৰু টি-২০ত ভাৰতীয় দলৰ হৈ খেলিছে।