এছিয়া কাপৰ ফাইনেলত কাৰ বিৰুদ্ধে খেলিব ভাৰতে?

এছিয়া কাপৰ ছুপাৰ ফ’ৰৰ মেচত শ্ৰীলংকাক হৰুৱাই ফাইনেলত ভাৰতীয় দল।

মঙলবাৰে খেলত প্ৰথমে বেটিং কৰি ৪৯.১ অভাৰত ২১৩ ৰান কৰি অলআউট হয় ভাৰত। দলৰ হৈ সৰ্বোচ্চ ৫৩ ৰান কৰে ৰোহিত শৰ্মাই।

শ্ৰীলংকাৰ তৰুণ বাওঁহতীয়া স্পীনাৰ দিমুথ ৱালালাগে দুৰ্দান্ত বলিং কৰে। অকলে ভাৰতৰ ৫টা উইকেট দখল কৰে তেওঁ।

কলম্বোৰ শ্লো আৰু স্পীনিং ট্ৰেকট এই টাৰ্গেট অনুসৰণ কৰা যে সহজ নহ’ব সেয়া আগতেই বুজা গৈছিল।

২১৪ ৰানত টাৰ্গেট অনুসৰণ কৰিবলৈ গৈ শ্ৰীলংকাই আৰম্ভণিতে উজুটি খায়। টপ অৰ্ডাৰ বেটছমেনৰ উইকেত হেৰুৱাই শ’লঠেকত পৰে শ্ৰীলংকা।

এটা সময়ত ৯৯ ৰানত ৬ উইকেট হেৰুৱায় শ্ৰীলংকাই। তাৰ পিছত ধনঞ্জয় ডি ছিলভা আৰু দুনিথ ৱালালাগেই আগুৱাই নিয়ে স্ক’ৰ।

৬৩ ৰানৰ পাৰ্টনাৰশ্বিপ কৰি দুয়ো জয়ৰ আশা দেখুৱাইছিল। কিন্তু পিছলৈ পুনৰ ভাৰতৰ হাতলৈ আহে মেচখন।

ভাৰতৰ হৈ সৰ্বোচ্চ ৪ উইকেট দখল কৰে কুলদীপ যাদৱে। ১৭২ ৰানত অলআউট হয় শ্ৰীলংকা। ৪১ ৰানত মেচ জিকি এছিয়া কাপৰ ফাইনেলত ভাৰত।

এতিয়া শ্ৰীলংকা আৰু পাকিস্তানৰ মাজত হ’বলগীয়া খেলৰ বিজয়ী দলে ভাৰতৰ সৈতে খেলিব ফাইনেল। ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল খেল।