মোৱা মাছৰ উপকাৰিতা

মোৱা মাছৰ উপকাৰিতা

মাছত প্ৰটিন থাকে যি শৰীৰৰ বাবে অতি উত্তম। কিন্তু বিশেষজ্ঞসকলৰ মতে ডাঙৰ মাছতকৈ সৰু মাছ অধিক উপকাৰী।

দৃষ্টিশক্তি বৃদ্ধিৰ পৰা ৰক্তসঞ্চালনলৈকে সৰু মাছৰ আছে বহু গুণ।

মোৱা মাছ যিমান সতেজ হ'ব সিমান ভাল। মোৱা মাছ ভাপত দি খোৱাও ভাল। মোৱা মাছত যথেষ্ট প্ৰটিন থাকে।

পুষ্টিবিদসকলে ‘প্ৰ’ ব্ৰেইন’ খাদ্য তালিকাৰ একেবাৰে শীৰ্ষত মাছক স্থান দিছে। মোৱা মাছে কম বয়সতে স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে।

বাৰ্ধক্যত ‘ডিমেনচিয়া’ বা স্মৃতিশক্তি হেৰুৱাৰ পৰা হাত সাৰিবলৈ নিয়মীয়াকৈ যিকোনো সৰু মাছ খাব লাগে।

দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ, গাউট, এলাৰ্জিৰ সমস্যা নাথাকিলে মাছ হজম কৰাটো অতি সহজ।

মোৱা মাছে ৰক্তহীনতাৰ ফলত হোৱা ৰোগ এনিমিয়া বা দুৰ্বলতা নিৰাময় কৰাত সহায় কৰে। শৰীৰত বল-শক্তি অনাতো সহায় কৰে।

মাছত প্ৰচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন ডি, ফছফৰাছ, মেগনেছিয়াম, চেলেনিয়াম আৰু আয়’ডিন থাকে। মাছ হৈছে খনিজ আৰু ভিটামিনৰ উৎস।