খেজুৰ কেনেকৈ খাব? মুক্তি পাব বহু ৰোগৰ পৰা

তিয়াই ৰখা খেজুৰ পুৱা খালী পেটত খাব লাগে। ইয়াৰ ফলত শৰীৰৰ বহু ৰোগ দূৰ হয়।

খেজুৰৰ এক প্ৰাকৃতিক মিঠা সোৱাদ আছে, ইয়াক চেনিৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

পুষ্টি গুণেৰে ভৰপূৰ এই ফলত আছে নানা ধৰণৰ এণ্টিঅক্সিডেণ্ট। খেজুৰে হজম প্ৰক্ৰিয়া উন্নত কৰে।

হাৰ্টৰ স্বাস্থ্য বজাই ৰাখে, তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে, মস্তিষ্কৰ কাৰ্যকৰিতা বৃদ্ধি কৰে।

যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে খেজুৰ খুবেই উপকাৰী।

খেজুৰত প্ৰচূৰ পৰিমাণে ফাইবাৰ থাকে বাবে ই ভোক কমায় আৰু অতিতিৰ্ক খোৱা পৰিহাৰ কৰাত সহায় কৰে।

খেজুৰত প্ৰচূৰ পৰিমাণে ফাইবাৰ থাকে যিয়ে কোষ্ঠকাঠিন্য আৰু বদহজমৰ সমস্যা দূৰ কৰে।

 প্ৰতিদিনে ১–২ টা খেজুৰ খালে কোষ্ঠকাঠিন্য প্ৰতিৰোধ হয়।

যদি খেজুৰৰ সোৱাদ ল’ব বিচাৰে আৰু তাৰ পৰা পুষ্টি গুণো ল’ব বিচাৰে তেন্তে খোৱাৰ পূৰ্বে সমগ্ৰ নিশা (৮–১০ ঘণ্টা) তিয়াই ৰাখক।