আপুনি নীলা চাহ খাই পাইছে নে? নীলা চাহৰ উপকাৰিতাৰ বিষয়ে জানো আহক
বহু মানুহে হাৰ্বেল চাহ পান কৰি ভাল পায়। বিভিন্ন কাৰণত মানুহে হাৰ্বেল চাহৰ সোৱাদ লোৱা দেখা যায়।
গ্ৰাহকৰ আগ্ৰহ অনুসৰি বজাৰত ভেষজ চাহ বিভিন্ন ফ্লেভাৰত উপলব্ধ।
নীলা চাহ বা ব্লু টি এক প্ৰকাৰৰ ঔষধি পানীয়।ইয়াক অপৰাজিতা ফুলৰ পৰা তৈয়াৰ কৰা হয়।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে গ্ৰীণ টিৰ তুলনাত ব্লু টিৰ অধিক স্বাস্থ্য উপকাৰিতা আছে।
নীলা চাহ দেখাত গাঢ় নীলা ৰঙৰ হয়। ইয়াক ঘৰত সহজে প্ৰস্তুত কৰিব পৰা যায়।
অপৰাজিতা ফুলবোৰ অলপ সময়ৰ বাবে একাপ পানীত উতলাই নীলা চাহ তৈয়াৰ কৰা হয়।
Blue Teaএ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।
নীলা চাহে কলেষ্টৰেল, ডায়েবেটিছ আদি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে।
এই ঔষধি উদ্ভিদৰ ফুলবোৰত বহুতো এণ্টিঅক্সিডেণ্ট থাকে। বহুতো গৱেষণা অনুসৰি, ইয়ে কৰ্কট ৰোগৰ কোষবোৰ ধ্বংস কৰে।
নীলা চাহত anthocyanin সমল পোৱা যায়। ই হৃদযন্ত্ৰ আৰু মন স্বাস্থ্যৱান ৰাখে।