ল'ৰা নে ছোৱালী, কাৰ বুদ্ধি বেছি?

কাৰ বুদ্ধি বেছি, কোন বেছি চালাক, কোনে বেছি কাজিয়া কৰে? জানিবলৈ নিশ্চয় মন যায়

ভিয়েনাৰ ইনষ্টিটিউট অৱ এপ্লাইড চাইকোলজী ইউনিভাৰ্ছিটীৰ তথ্য মতে, ছোৱালী ল'ৰাতকৈ বেছি বুদ্ধিমতী 

৮ হাজাৰ মানুহৰ ওপৰত গৱেষণা কৰি এই তথ্য পোৱা গৈছে

Eramus Universityয়ে এই বিষয়ে আকৌ কৈছে যে ল'ৰাসকল ছোৱালীতকৈ বেছি বুদ্ধিমতী

মহিলাৰ বুদ্ধিমত্তাক কিদৰে অৱমূল্যায়ন কৰা হৈছে, তাৰ ওপৰত কিতাপ লিখিছে মিছেছ চাইনী নামৰ এগৰাকীয়ে

তেওঁ কৈছে এয়া বিজ্ঞানসন্মতভাৱে সত্য যে পুৰুষ আৰু মহিলাৰ সাধাৰণ বুদ্ধিমত্তাৰ গড় হিচাপত কোনো পাৰ্থক্য নাই। কিন্তু পুৰুষৰ তুলনাত মহিলাৰ মস্তিষ্কৰ আয়তন গড় হিচাপত সৰু

এটা গৱেষণাত ২২ৰ পৰা ৩৭ বছৰীয়া লোকৰ এম আৰ আই কৰা হৈছিল, তাত তেওঁলোকৰ মস্তিষ্কৰ আয়তন তথা চেৰিব্ৰাল কৰ্টেক্সৰ ক্ষেত্ৰবোৰো জোখা হৈছিল

সকলোৰে IQ পৰিমাপ কৰা হৈছিল, তাত প্ৰমাণ হৈছিল যে পুৰুষৰ মস্তিষ্কৰ গড় আয়তন কিছু ডাঙৰ হোৱা বাবে IQ স্ক'ৰ কিছু বেছি