ঘৰত বনাওক সুস্বাদু মোদক, জানক গোপন ৰেচিপি

কাইলৈ গণেশ চতুৰ্থী। মোদক গণেশৰ খুবেই প্ৰিয়।

ঘৰতে মোদক বনাই গণপতিক আগবঢ়াব পাৰে। জানক গোপন ৰেচিপি।

ইয়াৰ বাবে ২ কাপ চাউলৰ গুৰি, ১ কাপ গুড়, ২ কাপ  কক’নাট পাউদাৰ, ২–৩ চামুচ কিচমিচ, অকণমান জায়ফল, অকণমান জাফৰান, আধা চাহ চামুচ ইলাচী গুৰি, ১ চামুচ ঘী।

এটা পাত্ৰ গৰম কৰি তাত নাৰিকলৰ গুৰি দি লৰাই থাকক।

এইবাৰ গুড় দি ভালকৈ মিহলি কৰক, কিছু সময় পিছত জায়ফল দিয়ক।

এই মিশ্ৰণটো কম জুইত ৫ মিনিটৰ বাবে সিদ্ধ হ’বলৈ দিয়ক। জাফৰান দিয়াৰ পিছত নমাই দিয়ক।

এতিয়া এটা পাত্ৰত ২ কাপ পানী ঢালি তাত ঘী দি উতলাওক।

পানী উতলিবলৈ আৰম্ভ কৰিলে চাউলৰ গুৰি দি মিহলি কৰক। এতিয়া ই ঘন হোৱালৈ সিজিবলৈ দিয়ক।

এই মিশ্ৰণ টান হ’লে ঘী দি এটা পাত্ৰত নমাই দিয়ক। গৰম পানীৰ সৈতে ময়দা মিহলি কৰক।

এতিয়া গোল গোলকৈ বনাই তাত কক’নাত পাউদাৰ দি মোদক প্ৰস্তুত কৰক। মোদক সাজু।