মা দুৰ্গাক বিদায়... , চাওক গুৱাহাটীৰ দৃশ্য

অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱৰ। চাৰিদিনীয়া পূজাৰ অন্তত মঙলবাৰে বিজয়া দশমীৰ দিনা ধৰাৰ পৰা বিদায় ল’লে মা দুৰ্গাই। 

বিজয়া দশমীৰ দিনা দেশজুৰি মা দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। 

গুৱাহাটী মহানগৰীতো ব্ৰহ্মপুত্ৰৰ কেইবাটাও ঘাটত বিসৰ্জন দিয়া হয় দুৰ্গা প্ৰতিমা। 

বুধবাৰে মা দুৰ্গাক বিদায় দিবলৈ হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে মহানগৰীৰ পূজা মণ্ডপ, ৰাজপথৰ লগতে ব্ৰহ্মপুত্ৰৰ ঘাটত। 

এইবাৰ গুৱাহাটীত প্ৰায় ৬০০খন দুৰ্গা পূজা অনুষ্ঠিত হয়। 

মঙলবাৰে সকলো দুৰ্গা প্ৰতিমা বিসৰ্জন দিয়া সম্ভৱ নোহোৱাৰ বাবে আজিও হ’ব বিসৰ্জন পৰ্ব। 

মা দুৰ্গাক বিদায় দিয়াৰ পিছত এতিয়া আৰু এটা বছৰৰ অপেক্ষা।

আজিও মহানগৰীৰ ঘাটসমূহত চলিব বিসৰ্জন প্ৰক্ৰিয়া।