Tilted Brush Stroke

গৰম পানীৰে প্ৰতিদিনে খাওক দুফোটা নহৰু, হাতে হাতে পাব ফল

এগিলাচ গৰম পানীৰে প্ৰতিদিনে খালী পেটত খাওক দুফোটা নহৰু।

প্ৰতিদিনে পুৱা খালী পেটত নহৰু দুফোটা এগিলাচ গৰম পানী চোবাই খালে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব।

নহৰুত থকা আটাইতকৈ শক্তিশালী যৌগটো হ’ল এলিচিন। 

এণ্টি বেক্টেৰিয়েল আৰু এণ্টি ফাংগাল গুণ আছে নহৰুত।

খালী পেটত নহৰু খালে উচ্চ ৰক্তচাপ ভাল হয়। যকৃত আৰু মূত্ৰাশয়ৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। 

নহৰু খালে হজম শক্তি উন্নত হয়। পাচনতন্ত্ৰ ঠিকে থাকে।

নহৰুৱে এল ডি এল অৰ্থাৎ বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। 

উচ্চ কলেষ্টেৰল থকা লোকে পুৱা নিয়মিতভাৱে নহৰু খাব পাৰে। 

আপুনি নিজেই ফলাফল পাব। হৃদযন্ত্ৰ সুস্থ হৈ থাকিব। যকৃতৰ বাবেও নহৰু ভাল।