বেছিভাগ মানুহেই গাখীৰ খাবলৈ ভাল পায়। বিশেষকৈ শিশুসকলক দৈনিক গাখীৰ খোৱাৰ বাবে জোৰ কৰে পিতৃ–মাতৃয়ে। 

কিন্তু ঠাণ্ডা আৰু গৰম গাখীৰৰ মাজত এটা পাৰ্থক্য আছে, যিটো জনা খুবেই প্ৰয়োজন।

গাখীৰত আছে প্ৰচুৰ প্ৰটিন, ভিটামিন ১২, কেলচিয়াম, পটাছিয়াম, ফচফৰাছৰ দৰে গুৰুত্বপূৰ্ণ উপাদান। ই হাড়–দাঁত মজবুত কৰে। প্ৰশ্ন হ’ল, কোনবিধ গাখীৰ বেছি উপকাৰী?

ঠাণ্ডা গাখীৰ খালে পাকস্থলীৰ গেষ্ট্ৰিক এচিড স্থিতিশীল হৈ আহে। গাখীৰত কেলচিয়াম আছে যিয়ে পাকস্থলীত এচিড সৃষ্টি প্ৰতিৰোধ কৰে। এচিডিটীৰ সমস্যা হ’লে এগিলাচ ঠাণ্ডা গাখীৰ খাওক। 

দৈত থকা কেলচিয়ামে পাকস্থলীত এচিড জমা হোৱা প্ৰতিৰোধ কৰে। দৈৰ লেকটিন এচিডে হজম প্ৰক্ৰিয়াক শক্তিশালী কৰে।

গৰম গাখীৰৰ ডাঙৰ উপকাৰী গুণ হ’ল ই খুব সোনকালে হজম হয়। ভাল টোপনিৰ বাবে খুবেই উপকাৰী গৰম গাখীৰ। 

গৰম গাখীৰত লেক্টোজৰ পৰিমাণ কম থাকে। সেয়ে সহজতে হজম হয়। 

কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে নিশা টোপনিৰ আগে আগে এগিলাছ গৰম গাখীৰ খাব পাৰে। 

আপোনাৰ স্বাস্থ্যৰ বাবে কি গাখীৰ বেছি উপকাৰী, সেয়া চিকিৎসকৰ পৰামৰ্শ লৈ খাওক।

ঠাণ্ডা আৰু গৰম গাখীৰৰ মাজত এটা পাৰ্থক্য আছে, যিটো জনা খুবেই প্ৰয়োজন।