ISROৰ সৌৰ অভিযান ‘আদিত্য-L1’ৰ সম্পূৰ্ণ তথ্য জানক

ISROৰ সৌৰ অভিযান ‘আদিত্য-L1’ৰ সম্পূৰ্ণ তথ্য জানক

ভাৰত এতিয়া ইয়াৰ প্ৰথম সৌৰ অভিযান উৎক্ষেপণৰ বাবে সাজু হৈছে।

চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ভাৰতে সৌৰ অভিযান ‘আদিত্য-L1’ আৰম্ভ কৰিবলৈ সম্পূৰ্ণ সাজু।

ইছৰোৰ অধ্যক্ষ সোমনাথে এক সংবাদমেলত কয় যে ‘আদিত্য-L1’ৰ শুভাৰম্ভৰ কাউন্টডাউন আজিৰ পৰা আৰম্ভ হ’ব।

২ ছেপ্টেম্বৰত পুৱা ১১ বাজি ৫০ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ‘আদিত্য-L1’ক উৎক্ষেপণ কৰা হ’ব।

‘আদিত্য-L1’এ সূৰ্য পৃষ্ঠত অৱতৰণ নকৰে বা সূৰ্যৰ চাৰিওফালেও নুঘুৰে। এই অভিযান সূৰ্যৰ L1 পইণ্টত স্থাপন কৰা হ’ব। 

সূৰ্যৰ L1 পইণ্টলৈ যাবলৈ ‘আদিত্য-L1’ ক ৪ মাহ সময় লাগিব, কিয়নো পৃথিৱীৰ পৰা L1 পইণ্টলৈ দূৰত্ব প্ৰায় ১.৫ নিযুত কিলোমিটাৰ।

‘আদিত্য-L1’ মহাকাশযানখন সৌৰ কৰোনাৰ দূৰৱৰ্তী পৰ্যৱেক্ষণ আৰু L1 পইণ্টত সৌৰ বায়ুৰ স্থিতি পৰ্যৱেক্ষণৰ বাবে প্ৰস্তুত কৰা হৈছে।

ই সূৰ্যৰ আলোকমণ্ডল, ক্ৰ’ম’মণ্ডল আৰু কোৰোণাৰ অধ্যয়ন কৰিব।

উৎক্ষেপণৰ ৰিহাৰ্চেল ইতিমধ্যে সম্পূৰ্ণ হৈছে।  

বেংগালুৰুৰ ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰত ‘আদিত্য-L1’ সজা হৈছে। ই সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত ছোলাৰ প্ৰ’ব।