বিশ্বকাপৰ পূৰ্বে এটা ডাঙৰ চিন্তা দূৰ হ'ল ভাৰতীয় টীমৰ

ঋষভ পণ্ট দুৰ্ঘটনাত পতিত হোৱাত চিন্তা বাঢ়িছিল ভাৰতীয় টীমৰ

পণ্টৰ ঠাইত কাক নিৰ্ভৰযোগ্য ৰূপে বিবেচনা কৰিব, আছিল এই চিন্তা

কেতিয়াবা কে এল ৰাহুলৰ কথা ভবা হৈছিল আৰু কেতিয়াবা ইশান কিষাণৰ

কিন্তু শেষ পৰ্যায়ত এই চিন্তা বহুখিনি দূৰ হয় বুলিব পাৰি

এছিয়া কাপৰ প্ৰথম খেলত প্ৰবল চাপৰ মাজতে ৮২ ৰানৰ ইনিংছ খেলিলে ঈশানে

চাপৰ মুহূৰ্তত দায়িত্বশীল হৈ তেওঁ যি ইনিংছ খেলিলে, তাক লৈ সুখী ক্ৰিকেটপ্ৰেমী

ইয়াৰ আগেয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া খেলত ৩টা অৰ্ধশতক কৰিছিল ঈশানে

এছিয়া কাপৰ ৮২ ৰানৰ ইনিংছটোত তেওঁ খেলিছিল বিধ্বংসী শ্বটো

ধাৰণা কৰা হৈছে, আগন্তুক বিশ্বকাপত তেওঁ কিপিং আৰু বেটছমেন ৰূপে খেলিব