এইসমূহ সমস্যাত কিৱি মহৌষধ, জানি লওক গুণাগুণ

কিৱি ভিটামিন সমৃদ্ধ । ই ভিটামিন চিৰ অভাৱ পূৰণ কৰে। আমাৰ দেশত কিৱি এক ছুপাৰ ফুড হিচাপে বিবেচনা কৰা হয়।

ইয়াত আছে প্ৰচূৰ পৰিমাণে ভিটামিন আৰু মিনাৰেল, যি স্বাস্থ্যৰ বাবে খুবেই উপকাৰী।

ভিটামিন চি, ভিটামিন কে, ভিটামিন ই, ফোলেট আৰু পটাচিয়ামৰ দৰে পুষ্টিৰে ভৰপুৰ।

পুষ্টিৰ ফালৰ পৰা কিৱি খুবেই পুষ্টিকৰ। কিন্তু বাকলিত থকা ফাইবাৰ আৰু ভাল।

কিৱি চৰ্বি হ্ৰাস কৰাত সহায়ক। ৰক্তচাপ নিয়ন্ত্ৰণ আৰু ৰক্ত জমা বন্ধা প্ৰতিৰোধ কৰাত বিশেষ কাৰ্যকৰী।

প্ৰতিদিনে দুইৰ পৰা তিনিটাকৈ কিৱি খালে প্ৰাকৃতিকভাৱে তেজ পাতল কৰি ৰখাত সহায় কৰে। লগতে হাৰ্টো সুস্থ কৰি ৰাখে।

কলেষ্টেৰল নিয়ন্ত্ৰণত কিৱি উপকাৰী। ইয়াক নিয়মিতভাৱে খালে শৰীৰৰ কলেষ্টেৰলৰ পৰিমাণ কমি যায়।

কিৱি ফাইবাৰ সমৃদ্ধ। হজম শক্তি বৃদ্ধিত সহায় কৰে। কিৱিত এক্টিনিডিন এনজাইম আছে যিয়ে কাৰ্যকৰীভাৱে প্ৰটিন হজম কৰাত সহায় কৰে। 

ই মাংস আৰু মাছত থকা প্ৰটিন হজম কৰাত সহায় কৰে। কিৱিয়ে পাচনতন্ত্ৰৰ কাম কৰাত সহায় কৰে।

বৰ্তমান প্ৰায় ১০০ জনৰ মাজত ৯০ জনৰে চকুৰ সমস্যা আছে। ইয়াৰ বাবেও কিৱি খুব উপকাৰী। 

কিৱি ফলে আমাৰ চকুক মেকুলাৰ ডিজেনাৰেচনৰ পৰা ৰক্ষা কৰাত সহায় কৰে যি দৃষ্টিশক্তি হ্ৰাসৰ এক প্ৰাথমিক কাৰণ।