আপোনাৰ নিষ্ক্ৰিয় পেন কাৰ্ড কেনেদৰে সক্ৰিয় কৰিব জানক

পেন কাৰ্ড এক অত্যাৱশ্যকীয় নথি। যদি ই নিষ্ক্ৰিয় হৈ পৰে, তেন্তে নাগৰিকসকলে কেইবাটাও গুৰুত্বপূৰ্ণ বিত্তীয় সেৱা লাভ কৰিব নোৱাৰিব, ইয়াৰ ভিতৰত ITR ৰিফাণ্ড অন্যতম।

পেন কাৰ্ড নিষ্ক্ৰিয় হ’লে ব্যৱহাৰকাৰীয়ে TDSৰ ৰূপত অতিৰিক্ত কৰ পৰিশোধ কৰিব লাগিব পাৰে।

৩০ জুন PAN আৰু Aadhaar Card সংযোগ কৰাৰ অন্তিম তাৰিখ আছিল।

যিসকলে সেই সময়সীমাৰ ভিতৰত পেন-আধাৰ সংযোগ কৰা নাই, তেওঁলোকে কোনো কাৰণতে পেন কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব কাৰণ পেন নিষ্ক্ৰিয় হৈ পৰিছে।

অফিচিয়েল ৱেবছাইট https://www.incometax.gov.in/iec/foportal/ত আধাৰ-পেন লিংকিং অনুৰোধত ক্লিক কৰিব।

ইয়াৰ পিছত, বিৱৰণপূৰণ কৰিব আৰু আধাৰ-পেন সংযোগ অনুৰোধ দাখিলৰ বাবে চালান নং/আইটিএনএছ ২৮০ত ক্লিক কৰিব।

এতিয়া পৰিশোধৰ পদ্ধতি বাছনি কৰিব আৰু সম্পূৰ্ণ ঠিকনাৰ সৈতে মূল্যায়ন বৰ্ষ (AY) বাছনি কৰি পেন প্ৰবিষ্ট কৰিব।

অন্তিম পদক্ষেপত Captcha code প্ৰবিষ্ট কৰি দাখিল কৰিব।

আপোনাৰ পেন কাৰ্ডখন পুনৰ কাৰ্যকৰী কৰিবলৈ সৰ্বাধিক এমাহ সময় লাগিব।