যিসকল আমিষ প্ৰিয় ভোজনৰসিক, তেওঁলোকৰ ঘৰত পিয়াঁজ এটা প্ৰয়োজনীয় পাচলি। কাৰণ পিয়াঁজ অবিহনে আমিষ ৰন্ধাৰ কথা ভাবিবই নোৱাৰি।
অসমীয়াৰ আখলত পিয়াঁজ এটি গুৰুত্বপূৰ্ণ খাদ্য সামগ্ৰী। বহুজনৰ ঘৰত হয়তো পিয়াঁজ অবিহনে কোন খাদ্যই প্ৰস্তত নহয়।
অসমীয়াসকলে সাধাৰণতে পিয়াঁজক আমিষ হিচাপেই গণ্য কৰে। পিয়াঁজ প্ৰাণীৰ পৰা পোৱা প্ৰটিন নহয়। তেন্তে ই কেনেকৈ আমিষ হ'ব পাৰে!
পিয়াঁজ যিহেতু মাছ-মাংস ৰন্ধাৰ ক্ষেত্ৰত বেছি ব্যৱহাৰ হয়, সেয়ে ই আমিষ। বহুতে এনেকৈয়ে কয়।
পিয়াঁজৰ বাহিৰেও নহৰু, পুৰৈশাক, কলামাহ, গাজৰ, চয়াবিনকো বহুতে আমিষ খাদ্যৰ তালিকাত ৰাখে।
আমিষ খাদ্য বুলিলে সাধাৰণতে প্ৰাণীজ প্ৰটিনকে বুজায়। অৰ্থাৎ মাছ, মাংস, কণী ইত্যাদি। তথাপিও বহুতে পিয়াঁজক আমিষ খাদ্য বুলি কয়।
পাকঘৰত পিয়াঁজ এটা অতি প্ৰয়োজনীয় খাদ্য সামগ্ৰী। পিয়াঁজে খাদ্যৰ সোৱাদ বঢ়ায়।
কেঁচা, ভাজা, যেনেকুৱাই নহওক কিয়, ভিন ভিন ধৰণেৰে পিয়াঁজৰ ভিন ভিন সোৱাদ।
সাধাৰণতে নিৰামিষ খাদ্য বুলিলে প্ৰাণীজ প্ৰটিন বাদ দি যিকোনো ধৰণৰ খাদ্যকে বুজায়। এই যুক্তি মানিলে পিয়াঁজ কিন্তু নিৰামিষ।
যুগ যুগ ধৰি কিন্তু অসমীয়াৰ আখলত পিয়াঁজ আমিষ খাদ্য হিচাপেই পৰিচিতি লাভ কৰিছে।