পুনৰ বৃদ্ধি হ'ল পিয়াঁজৰ মূল্য; বৰ্ধিত দামত পিয়াঁজ ক্ৰয় কৰি বিপাঙত সাধাৰণ জনতা

দৈনন্দিন জীৱনত প্ৰয়োজনীয় এবিধ সামগ্ৰী হৈছে পিয়াঁজ।

ৰাজ্যত এতিয়া পিয়াঁজৰ আকস্মিক মূল্যবৃদ্ধিয়ে গ্ৰাহকক একপ্ৰকাৰ জুৰুলা কৰাৰ লগতে বাৰুকৈয়ে বিপাঙত পেলাইছে।

দুৰ্গা পূজাৰ পূৰ্বে পিঁয়াজৰ দাম কিছু কমিছিল যদিও হঠাত্‍ প্ৰতি কিলো পিঁয়াজত ১০ টকাকৈ বৃদ্ধি হৈছে।

জানিব পৰা মতে গুৱাহাটীত প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ দাম ৬০ টকা হৈছে।

ঢেকিয়াজুলিৰ বজাৰতো প্ৰতি কেজিত পিঁয়াজৰ দাম ১০টকাকৈ বৃদ্ধি হৈছে। বৰ্তামন খুচুৰা বজাৰত ইয়াৰ মূল্য ৬০-৭০ টকা।

কেইদিন পূৰ্বে প্ৰতি কেজিত ৪০-৫০ টকা আছিল। 

এতিয়া ৰঙা পিয়াঁজৰ মূল্য প্ৰতি কেজিত ৬০-৬৫টকা আৰু নতুন পিয়াঁজৰ মূল্য প্ৰতি কিলোত ৭০টকা।

দুদিন পূৰ্বে প্ৰতি কিলো ৪০টকা মূল্যত বিক্ৰি হৈ থকা পিয়াজ হঠাৎ ৬০ টকা হোৱাত সাধাৰণ ৰাইজে সমস্যাত ভূগিছে।

গোৱালপাৰাৰ বজাৰতো পিয়াঁজৰ খুচুৰা আৰু পাইকাৰি দুয়োটাৰে মূল্য সমানে বৃদ্ধি পাইছে।

পাইকাৰি ব্যৱসায়ীসকলৰ মতে, পাটনাৰ পৰা অহা পিয়াজৰ মূল্য গোৱালপাৰা আহি পাওতে প্ৰায় ৫০ টকাৰ ওপৰত খৰচ পৰে।

সেয়ে পাইকাৰী মূল্য এতিয়া কিলো প্ৰতি ৫৫ টকা হৈছে। তাৰ পৰিৱৰ্তে খুচুৰা বজাৰত এতিয়া কিলো প্ৰতি পিয়াজৰ মূল্য ৬০ টকা।

হঠাৎ বৃদ্ধি পোৱা পিয়াজৰ আকাশলংঘী মূল্যই গ্ৰাহকসকলক চিন্তিত কৰিছে। 

এতিয়া মূল্যবৃদ্ধিৰ বাবে গ্ৰাহকে কমকৈ পিয়াঁজ ক্ৰয় কৰিবলগীয়া হৈছে। ব্যৱসায়ীসকলেও ইয়াৰ বাবে সমস্যাত পৰিছে।