টীম ইণ্ডিয়াই বিশ্বকাপত ইতিহাস সৃষ্টি কৰিব নেকি?

ICC এদিনীয়া বিশ্বকাপ ২০২৩ত ভাৰতীয় দলে অতি সুন্দৰ প্ৰদৰ্শন কৰিছে।

টীম ইণ্ডিয়াই এতিয়ালৈকে প্ৰথম ৬খন খেলৰ আটাইকেইখনত জয় লাভ কৰিছে।

ভাৰতীয় দলটোৰ বাবে নিজ দেশতে বিশ্বকাপৰ ট্ৰফী জয় কৰাৰ ভাল সুযোগ আছে।

বিশ্বকাপৰ ইতিহাসত মাত্ৰ ৪বাৰ কোনো দলে অপৰাজিত হৈ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে।

১৯৭৫ চনত ৱেষ্ট ইণ্ডিজে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ খিতাপ জয় কৰিছিল।

১৯৭৯ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে ৱেষ্ট ইণ্ডিজে পৰাজয় অবিহনে বিশ্বকাপৰ খিতাপ দখল কৰে।

ইফালে, ২০০৩ চনত অষ্ট্ৰেলিয়াৰ দলে এখনো মেচত পৰাজিত নোহোৱাকৈ বিশ্বকাপৰ খিতাপ জয় কৰিছিল।

২০০৭ চনত অষ্ট্ৰেলিয়া দলটো বিশ্বকাপৰ চেম্পিয়ন হৈছিল। চলিত বিশ্বকাপত দলটোৱে এতিয়ালৈ ৪খন মেচত জয়ী হৈছে।

টীম ইণ্ডিয়াই ICC বিশ্বকাপ ২০২৩ত অপৰাজিত হৈ প্ৰতিযোগিতাখনৰ খিতাপ জয় কৰিব পাৰে।